আত্মহত্যা-ইয়াৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ২০২৩ ৰ সন্দৰ্ভত

আত্মহত্যা হৈছে এক মুখ্য ৰাজহুৱা স্বাস্থ্যজনিত সমস্যা। ইয়াৰ সৈতে সুদূৰপ্ৰসাৰী সামাজিক, আৱেগিক আৰু অৰ্থনৈতিক পৰিণামসমূহ জড়িত হৈ থাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, প্ৰতি বছৰে ৭০০,০০০ ৰো অধিক লোক আত্মহত্যাৰ দ্বাৰা মৃত্যুমুখত পৰে। ২০১৯ চনত বিশ্বব্যাপী ১৫-২৯ বছৰীয়া যুৱক-যুৱতীৰ মাজত বিভিন্ন মৃত্যুৰ ভিতৰত আত্মহত্যা আছিল চতুৰ্থ মুখ্য কাৰণ। দৰাচলতে, বিশ্বব্যাপী প্ৰায় 77% আত্মহত্যাৰ নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত সংঘটিত হয়। সাধাৰণতে বিত্তীয় লোকচান, একাকীত্ব, বৈষম্য, সম্পৰ্ক ভাঙি যোৱা, বিত্তীয় সমস্যা, দীৰ্ঘম্যাদী ৰোগ, হিংসা, উৎপীড়ন, আৰু সংঘাত বা অন্যান্য মানৱীয় জৰুৰীকালীন অৱস্থাবিলাকৰ বাবে এনে ঘটনা ঘটা দেখা যায়।

ভাৰতৰ ক্ষেত্ৰত আত্মহত্যাৰ বিভিন্ন কাৰণসমূহলৈ মন কৰিলে দেখা যায় যে, ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো বা চমুকৈ এনচিআৰবিৰ তথ্য অনুসৰি ২০২১ চনত মুঠ আত্মহত্যাৰ ভিতৰত প্ৰায় ৩৩.২% লোকে পাৰিবাৰিক সমস্যাৰ বাবে আত্মহত্যা কৰিছিল। যাৰ পৰিমাণ সকলোতকৈ বেছি। ইয়াৰ পিছতে, ১৮.৬% লোকে বিভিন্ন দীৰ্ঘদিনীয়া ৰোগ আদি কাৰণৰ বাবে আত্মহত্যা কৰিছিল। ৬.৪% লোকে ড্ৰাগ আৰু মাদকদ্ৰব্যৰ আসক্তিৰ বাবে, ৪.৬% লোকে প্ৰেমজনিত কাৰণত আত্মহত্যাৰ পথ বাছি লৈছিল। এনেদৰে বিভিন্ন কাৰণত – বৈবাহিক অশান্তি, দৰিদ্ৰতা, পৰীক্ষাত বিফল হৈ, অবৈধ সম্পৰ্কৰ আদিৰ বাবে আত্মহত্যা কৰিছিল।

এনচিআৰবিৰ ২০২১ চনৰ তথ্য অনুসৰি, ৩০-৪৫ বছৰৰ বয়সৰ পুৰুষৰ মাজত আত্মহত্যাৰ সংখ্যা অধিক। ২০২১ চনত ৩০-৪৫ বছৰৰ বয়সৰ ৪০৪১৫ জন পুৰুষে আত্মহত্যা কৰাৰ বিপৰীতে, ১১৬২৯ গৰাকী মহিলাই আত্মহত্যা কৰিছে।  ঠিক একেদৰে, ১৮-৩০ বছৰৰ বয়সৰ ৩৭৯৪১ জন পুৰুষে আত্মহত্যা কৰাৰ বিপৰীতে, ১৮৫৮৮ গৰাকী মহিলাই আত্মহত্যা কৰিছে। 

পেশাগত দিশৰ পৰা চালে দেখা যায় যে এনচিআৰবিৰ ২০২১ চনৰ তথ্য অনুসৰি, দৈনিক উপাৰ্জনকাৰী লোকসকলৰ মাজত আত্মহত্যাৰ সংখ্যা সকলোতকৈ অধিক। এইবছৰটোত মুঠ আত্মহত্যাৰ সংখ্যাৰ ভিতৰত ২৫.৬% দৈনিক উপাৰ্জনকাৰী ব্যক্তিয়ে আত্মহত্যা কৰিছিল আৰু ইয়াৰ পিছতে মুঠ আত্মহত্যাৰ ভিতৰত ১৪.১% লোক হৈছে গৃহিনী।   

এনচিআৰবিৰ ২০২১ চনৰ তথ্য অনুসৰি অসমত ২০২১ চনত ৩২৬২ জন লোকে আত্মহত্যা কৰিছিল। ৰাজ্য হিচাপে মহাৰাষ্ট্ৰ, তামিলনাডু, মধ্যপ্ৰদেশ, পশ্চিমবংগ আৰু কৰ্ণাটক এই পাঁচখন ৰাজ্যত আত্মহত্যাৰ পৰিমাণ সকলোতকৈ বেছি।

গতিকে, আমাৰ সকলোৰে বাবে আত্মহত্যাক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি, সেইবিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। আত্মহত্যা প্ৰতিৰোধ কৰাটো এক জটিল আৰু বহুমুখী প্ৰত্যাহ্বান। কিন্তু আত্মহত্যা প্ৰতিৰোধ কৰাৰ ওপৰত প্ৰচেষ্টা চলাই থকা লোকসকলক সহায় আৰু সমৰ্থন আগবঢ়াবলৈ ব্যক্তি, সম্প্ৰদায় আৰু সংগঠনসমূহে বহুতো কাৰ্যকৰী ৰণনীতি আৰু পদক্ষেপ গ্ৰহণ কৰিব পাৰে। আত্মহত্যা প্ৰতিৰোধৰ বাবে আমি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰো।

শংকাসমূহৰ চিনাক্তকৰণ: আত্মহত্যাৰ বিপদাশংকাৰ লক্ষণবোৰ চিনাক্ত কৰিবলৈ শিকক। কোনো লোকে মৃত্যু বিচৰা, বন্ধুবৰ্গ আৰু পৰিয়ালৰ পৰা নিজকে আঁতৰাই ৰখা, সা-সম্পত্তি আদি আনক প্ৰদান কৰা বা এৰি দিয়া, আৰু নিৰাশাবাদী হৈ উঠা। কোনোলোকৰ ক্ষেত্ৰত এনে লক্ষণসমূহ দেখা দিলে, মানুহজনক ভালদৰে মন কৰক আৰু অনুসৰণ কৰক। 

মুকলিমুৰীয়া কথা-বাৰ্তাক উদগনি দিয়ক: কোনো এজন লোকক, তেওঁলোকৰ মনৰ অনুভূতি আৰু তেঁওৰ সংগ্ৰামসমূহৰ বিষয়ে কথা পাতিবলৈ এক সুৰক্ষিত আৰু সমালোচনাবিহীন পৰিৱেশ সৃষ্টি কৰক। মুকলিমুৰিয়া কথা-বাৰ্তাত উৎসাহিত কৰিলে, মানুহ এজনে তেওঁলোকৰ চিন্তা, ভাৱ আৰু আৱেগক আনৰ আগত প্ৰকাশ কৰি সহায় বিচৰাত উৎসাহিত কৰক।

পেছাদাৰী সহায় বিচাৰক: যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই আত্মহত্যাৰ কথা চিন্তা কৰিছে বা তেনে আচৰণৰ প্ৰকাশ কৰিছে, লগে লগে পেছাদাৰী সহায় বিচাৰক। এনে ব্যক্তিক সহায় কৰিবলৈ মানসিক স্বাস্থ্য পেছাদাৰী, ক্ৰাইচিচ হটলাইন, আৰু জৰুৰীকালীন সেৱা উপলব্ধ। আপুনি 9152987821 আই-কল (i-Call) নম্বৰলৈ কল কৰি সহায় গ্ৰহণ কৰিব পাৰে।

মানসিক স্বাস্থ্য সজাগতা বৃদ্ধি কৰা: মানসিক স্বাস্থ্যৰ সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰক আৰু ষ্টিগমা হ্ৰাস কৰক। মানসিক স্বাস্থ্যৰ গুৰুত্বতাৰ বিষয়ে নিজকে আৰু আনক শিক্ষিত কৰক, আৰু প্ৰয়োজন হ'লে সহায় বিচাৰিবলৈ উদগনি দিয়ক।

খতিয়ান লোৱা: যদি আপুনি আগতে আত্মহত্যাৰ চেষ্টা কৰা বা আত্মহত্যাৰ চিন্তা প্ৰকাশ কৰা ব্যক্তিৰ বিষয়ে অৱগত, তেওঁলোকে প্ৰয়োজনীয় সমৰ্থন আৰু যত্ন লাভ কৰাটো নিশ্চিত কৰিবলৈ তেওঁলোকৰ সৈতে নিয়মীয়াকৈ কথা পাতক।

মনত ৰাখিব যে আত্মহত্যা প্ৰতিৰোধ কৰাটো এক সামূহিক প্ৰচেষ্টা, আৰু ইয়াৰ বাবে সহানুভূতি, বুজাবুজি আৰু সক্ৰিয় পদক্ষেপৰ প্ৰয়োজন। যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবা তাৎক্ষণিক বিপদত আছে বা সংকটৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি মানসিক স্বাস্থ্য পেছাদাৰী বা সংকট হেল্পলাইনৰ পৰা সহায় বিচাৰক। আপোনাৰ হস্তক্ষেপে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে।


Footer