শিশু মগজুৰ বিকাশ: বুদ্ধিমত্তা, ব্যক্তিত্ব আৰু সামাজিক আচৰণ

শিশুৰ এটাৰ জন্মৰ পিছৰ বয়সবিলাকত ইয়াৰ শাৰীৰিক বিকাশৰ লগতে মগজুৰ বিকাশ এটা অতি গুৰুত্বপূৰ্ণ দিশ। পুৰণিকলীয়া চিন্তাধাৰাক বাদ দি, শিশু এটাৰ জন্মৰ পিছৰে পৰা হোৱা মগজুৰ বিকাশৰ কথা চিন্তা কৰাৰ সময় সমাগত

বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত যে বুদ্ধিমত্তা, ব্যক্তিত্ব আৰু সামাজিক আচৰণ গঠনত শিশু এটাৰ জীৱনৰ প্ৰাৰম্ভিক বছৰসমূহ অতি গুৰুত্বপূৰ্ণ। শিশু এটাৰ জীৱনকালৰ প্ৰাৰম্ভিক বছৰসমূহত এই কথাবিলাক অৱহেলা কৰিলে, ইয়াৰ প্ৰভাৱ বিপৰীত হ’ব পাৰে। বিভিন্ন গৱেষণাসমূহত শিশু এটাৰ শাৰীৰিক আৰু মানসিক বিকাশৰ, তাৰ প্ৰাৰম্ভিক দিনবিলাকত  কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিছে, সিও অতি গুৰুত্বপূৰ্ণ। আণৱিক জীৱবিজ্ঞানৰ (Molecular Biology) ক্ষেত্ৰখনে মানুহৰ স্নায়ুতন্ত্ৰই কেনেদৰে কাম কৰে, ইয়াৰ কাম কৰাৰ পদ্ধতি কি, মগজুৰ বিকাশৰ উপায়সমূহ আৰু মগজুৰ বিকাশত পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱ কেনেধৰণৰ হয়, তাৰ ওপৰত কিছুমান নতুন তথ্য কঢ়িয়াই আনিছে।

আগৰ দিনত ভবা হৈছিল যে, শিশু এটাৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত যি অভিজ্ঞতাৰ সন্মুখীন হয়, সেই অভিজ্ঞতাই জীৱনৰ পিছৰ বয়সসমূহত খুব বেছি প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু, নতুন চিন্তাধাৰাৰ মতে, জীৱনৰ প্ৰাৰম্ভিক বয়সত লাভ কৰা অভিজ্ঞতাই, শিশু এটাৰ মগজুৰ সংৰচনা বা নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়ে প্ৰাপ্তবয়স্ক অৱস্থাত গৈ প্ৰভাৱিত কৰে। 

জন্মৰ ঠিক পিছৰ মাহবোৰ মস্তিষ্কৰ পৰিপক্কতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত মগজুৰ চিনেপ্চ (চিনেপ্ছে মগজুৰ স্নায়ুকোষিকাবিলাকৰ মাজৰ সম্পৰ্ক বিন্দুবোৰক বুজায় আৰু ই তথ্যক এটা স্নায়ুকোষিকা পৰা অন্য স্নায়ুকোষিকালৈ প্ৰেৰণ কৰে) জন্মৰ ঠিক পিছৰ মাহবিলাকত শিশু এটাৰ মগজুৰ চিনেপ্চৰ সংযোগ বা ইয়াৰ কানেকশ্বনবোৰ বিশ গুণ বৃদ্ধি হয়।

শিশু এটাৰ মগজুৰ বিকাশত, শিশুটিয়ে জন্মৰ পিছত লাভ কৰা অভিজ্ঞতা আৰু বংশগতভাৱে লাভ কৰা জিন দুয়োটা গুৰুত্বপূৰ্ণ। শিশু এটাৰ মগজুৰ বিকাশত পৰিবেশৰ প্ৰভাৱে বেছিকৈ প্ৰভাৱিত কৰিব পাৰে। শিশু এটাৰ মগজু এটা খালী টেমা নহয় বা তাঁৰযুক্ত এখন চাৰ্কুইট নহয় যে তাক বংশগতভাৱে লাভ কৰা জিনে নিয়ন্ত্ৰণ কৰিব পাৰিব।  বৰঞ্চ শিশু এটাৰ মগজুৰ বিকাশত জিন আৰু শিশুটোৱে লাভ কৰা পৰিৱেশ, এই দুয়োটাই কাম কৰে। 

এই ক্ষেত্ৰত, শিশু এটাই জীৱনৰ প্ৰাৰম্ভিক বয়সত লাভ কৰা পৰিপুষ্টি, ইয়াৰ মগজুৰ বিকাশৰ বাবে অতি দৰকাৰী। কিন্তু, শিশু এটাৰ জন্মৰ পৰা ১৮ মাহৰ ভিতৰত শিশু আৰু অভিভাৱকৰ পাৰস্পৰিক আদান-প্ৰদানৰ মানদণ্ডৰ লগতে স্বাস্থ্য, পৰিপুষ্টি, যত্ন, উত্সাহ-প্ৰেৰণাৰ দৰে দিশসমূহে একেলগে শিশুৰ মগজুৰ বিকাশত সহায় কৰিব পাৰে। যদি, কোনো এটা শিশু দুৰ্বল পৰিৱেশত ডাঙৰ-দীঘল হয় আৰু এনেধৰণৰ পৰিবেশৰ পৰা আঁতৰি থাকিব লগা হয়, তেতিয়া শিশুটোক পিছলৈ সলনি কৰিব নোৱাৰা অভাৱৰ সন্মুখীন হয়।

শিশু এটাৰ জন্মৰ প্ৰথম বছৰত শিশুটোৰ মগজুৰ বিকাশ আৰম্ভ হয়, কিন্তু, ই পৰবৰ্তী সময়তো অব্যাহত থাকে। শিশু এটাৰ শাৰিৰীক আৰু মানসিক বিকাশৰ পথত অহা বাধাবিলাক আঁতৰোৱাটো অতিশয় আৱশ্যক। শিশু এটাই তাৰ জীৱনৰ প্ৰাৰম্ভিক বছৰবিলাকত এনে পৰিবেশ লাভ নকৰিলেও, পিছৰ সময়ত শিশুটিৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহেও শিশু এটাৰ বিকাশত সহায় কৰিব পাৰে। কিন্তু, মনত ৰাখিবলগীয়া কথা এইয়ে যে শিশু এটাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক হস্তক্ষেপে শিশুৰ বিকাশ আৰু শিকাৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

শিশু এটাই কোন বয়সত কি অভিজ্ঞতা বা পৰিস্থিতিৰ সন্মুখীন হৈছে, সি অতি গুৰুত্বপূৰ্ণ। শিশু এটাৰ জীৱনত এনে কিছুমান সময় আহে, য’ত শিশুটোৰ মগজুৱে বিশেষভাৱে এটা নতুন অভিজ্ঞতা লাভ কৰিব পৰাকৈ সক্ষম হয়। যদি এই সংবেদনশীল সময়চোৱাত, শিশুটোৰ মগজুৱে পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা সঠিক আৱেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তাসমূহ লাভ নকৰাকৈ পাৰ হৈ যায়। তেতিয়া সময় বা বয়স অনুয়ায়ী শিশু এটাই শিকাৰ সেই সুযোগ যথেষ্ট পৰিমাণে হ্ৰাস পায়। 

শিশু এটাৰ ক্ষেত্ৰত মগজুৰ বিকাশৰ ওপৰত শিশুটোৱে জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত লাভ কৰা পৰিৱেশৰ প্ৰভাৱ দীৰ্ঘম্যাদী হয়। যদি শিশু এটাই ইয়াৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত ভালদৰে  পৰিপুষ্টি বা উপযুক্ত আহাৰ খাবলৈ পায়, বয়স অনুযায়ী পুতলা বা অন্যান্য খেলা-ধুলাৰ লগতে, পিতৃ-মাতৃ আৰু অভিভাৱকৰ পৰা শাৰীৰিক আৰু মানসিক উদ্দীপনামূলক আচৰণবিলাক লাভ কৰে, তেতিয়া ই গৈ ১৫ বছৰ বয়সত শিশুটোৰ মগজুৰ কাৰ্যকলাপৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়।

শিশু এটাৰ ক্ষেত্ৰত পাৰিপাৰ্শ্বিক বা বাহ্যিক পৰিৱেশে, কেৱল শিশুটো  মগজুৰ কোষৰ সংখ্যা আৰু কোষসমূহৰ মাজত হোৱা সংযোগৰ সংখ্যাকেই প্ৰভাৱিত নকৰে। লগতে, কেনেদৰে কোষসমূহ সংযোগ হৈছে, তাৰ শৈলীৰ ওপৰতো প্ৰভাৱিত কৰে। শিশুটোৰ মগজুটোৱে তাৰ আশে-পাশে দেখা পোৱা বা শুনা পৰিবেশ বা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ইয়াৰ কাম-কাজসমূহ নিৰ্ধাৰণ কৰে। গতিকে, শিশুটোৰ মগজুটোৱে কেনেদৰে কাম কৰিব, তাক ই লাভ কৰা প্ৰাৰম্ভিক অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে।

যিসকল শিশুৱে তেওঁলোকৰ জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰত অত্যাধিক চাপ অনুভৱ কৰে। তেওঁলোকৰ আনৰ তুলনাত বিভিন্ন সংজ্ঞাত্মক, আচৰণগত আৰু আৱেগিক অসুবিধাৰ সন্মুখীন হোৱাৰ শংকা বাঢ়ি যায়।  

গতিকে, আমাৰ সকলো পিতৃ-মাতৃ আৰু অভিভাৱকে, তেওঁলোকৰ সন্তানে বয়সত বিদ্যালয়লৈ যোৱা, স্বাস্থ্যৱান আৰু ভালদৰে পুষ্টি লাভ কাৰটো নিশ্চিত কৰিব লাগে। কিন্তু, ইয়াৰ লগতে সন্তানে বৌদ্ধিকভাৱে, কৌতূহলী বা অনুসন্ধিতসু হোৱাৰ লগতে, মানসিক আৰু সামাজিকভাৱে আত্মবিশ্বাসী হোৱাৰ লগতে আৰু জীৱনজোৰা শিক্ষাৰ বাবে এক দৃঢ় ভেটিৰে সজাই লোৱাতো পিতৃ-মাতৃ আৰু অভিভাৱকৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য। 

শিশু এটাৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাসমূহ যাতে গুণগত হ’ব পাৰে, তাৰ বাবে আইন, নীতি, কাৰ্যসূচী আৰু অনান্য সম্পদসমূহ সঠিকভাৱে আৱণ্টন হয় আৰু পৰিচালিত হয়। সেইক্ষেত্ৰত চৰকাৰে দায়িত্বশীলতাৰ পৰিচয় দিয়াটো অতি দৰকাৰী আৰু ই চৰকাৰৰ মুখ্য অগ্ৰাধিকাৰ হোৱা উচিত।

শিশু এটাৰ জীৱনৰ প্ৰাৰম্ভিক বছৰবিলাকত ল’বলগা যতন আদিৰ বিষয়ত চাহবাগিচাৰ প্ৰচলিত ভাষা “চাদ্ৰী ভাষা”ৰ বিশেষ অনুষ্ঠানসমূহ শুনিবলৈ তলত ক্লিক কৰক। 

Ep_01_Janboi Awaa_Sadri_ Prenatal Care.mp3 জানৱৈ আৱা – ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা চাহ জনগোষ্ঠীয় চাদ্ৰী ভাষাত প্ৰস্তুত কৰা এক অনুষ্ঠান। ইয়াৰ জৰিয়তে চাহবাগিচা অঞ্চলত বসবাস কৰা গৰ্ভৱতী আৰু প্ৰসুতি মাতৃসকলৰ প্ৰাক-প্ৰসৱকালীন যতন, গৰ্ভাৱস্থাৰ পৰিপুষ্টি, স্তনপান আৰু পৰিপুৰক আহাৰৰ সম্পৰ্কে সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে।

Footer