অনলাইন সুৰক্ষা আৰু চাইবাৰ বুলিং: আপুনি আৰু আপোনাৰ সন্তান অনলাইনত সুৰক্ষিত নে !

আজিৰ দিনত ইণ্টাৰনেট আপোনাৰ বা আপোনাৰ সন্তানৰ বাবে যিমানেই প্ৰয়োজনীয় বা আকৰ্ষণীয় স্থান, সিমানেই কিন্তু ই প্ৰত্যাহ্বানমূলকো। সেই প্ৰত্যাহ্বান আৰু বিপদৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আপোনাৰ আপোনাৰ আৰু আপোনাৰ সন্তানৰ অনলাইন সুৰক্ষাৰ সঠিক জ্ঞানৰ অতিশয় প্ৰয়োজন

আপুনি হয়তো জানি আচৰিত হ’ব - নিয়েলছন ইণ্ডিয়া ইণ্টাৰনেট 2023 চনৰ এক প্ৰতিবেদনৰ মতে 2022 চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত 2 বছৰ বা তাতকৈ অধিক বয়সৰ 70 কোটিৰো অধিক সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰী আছিল। ইয়াৰ ভিতৰত, গ্ৰাম্য ভাৰতৰ 42.5 কোটি ব্যৱহাৰকাৰী থকাৰ বিপৰীতে চহৰ অঞ্চলত 29.5 কোটী ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে আৰু চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় 44% বেছি।

ভাৰতৰ সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ প্ৰায় ১৫ শতাংশ - ৫ ৰ পৰা ১১ বছৰ বয়সৰ শিশু। ইণ্টাৰনেট এণ্ড ম'বাইল এছ'চিয়েচন অৱ ইণ্ডিয়াৰ (আইএএমএআই)  তথ্য মতে, দেশৰ 6.6 কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বয়স 5 ৰ পৰা 11 বছৰৰ ভিতৰত আৰু এই শিশুসকলে তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ ম’বাইল বা কম্পিউটাৰত ইণ্টাৰনেট ব্যৱহাৰ কৰে।

আপোনাৰ অতি কম বয়সৰ সন্তানটোৱে ম’বাইল বা ইণ্টাৰনেটৰ প্ৰতি দেখুৱা আগ্ৰহে, আপোনাক বাৰু চিন্তিত কৰি তোলা নাই নে? শিশুটোৰ অত্যাধিক ম’বাইলৰ ব্যৱহাৰে ইয়াৰ শাৰীৰিক আৰু মানসিক অৱস্থা কোন পৰ্যায়লৈ লৈ যাব পাৰে, আপুনি কেতিয়াও ভাবি চাইচেনে? 

হয়, শিশু এটাৰ বাবেও ম’বাইল বা ইণ্টাৰনেট ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু, কিমান পৰ্যায়লৈকে? ইণ্টাৰনেটত সঘনে সংঘটিত হোৱা বিভিন্ন বিপদ, চাইবাৰ অপৰাধ, চাইবাৰ বুলিং, অনলাইন পৰ্ণগ্ৰাফী, চেক্স্টিংৰ দৰে ঘটনাবিলাকৰ বিষয়ে আপুনি বা আপোনাৰ সন্তানটোৱে ভালদৰে জানে নে বা ইয়াৰ পৰা হ’ব পৰা বিপৰীতমুখী শাৰীৰিক আৰু মানসিক অৱস্থাৰ বিষয়ে আপুনি আৰু আপোনাৰ সন্তান সজাগনে? আপুনি বাৰু অভিভাৱক হিচাপে সন্তানৰ ইণ্টাৰনেট আৰু ম’বাইল ব্যৱহাৰৰ ওপৰত তদাৰক কৰিছে নে?

ইণ্টাৰনেট আৰু ম’বাইলৰ অত্যাধিক ব্যৱহাৰে আপোনাৰ সন্তানৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বহুসময় ধৰি ম’বাইল বা তেনে ডিভাইচৰ ব্যৱহাৰে আপোনাৰ সন্তানৰ চকুত চাপ পেলাব পাৰে, মুৰৰ বিষ,  ডিঙি আৰু পিঠিৰ বিষ হ’ব পাৰে আৰু তাৰ টোপনিত নাইকীয়া হ’ব পাৰে। ইয়াৰ ফলত সন্তানৰ মেদবহুলতাৰ লগতে দীৰ্ঘ সময়ৰ বাবে স্বাস্থ্য অৱনতি কৰিব পৰা কিছুমান বেমাৰে শৰীৰত বাহ ল’ব পাৰে।

অত্যাধিক ডিজিটেল ডিভাইচৰ ব্যৱহাৰে শিশুৰ মানসিক বিকাশত ব্যাঘাত জন্মাই, কোনো বিষয়ত মনোযোগ দিব পৰা ক্ষমতা, সমস্যা এটা সমাধান কৰিব পৰা সামৰ্থ্যত প্ৰভাৱ পেলায়। ডিজিটেল মিডিয়াত দ্ৰুত গতি আৰু নিৰন্তৰভাৱে সলনি হৈ থকা সমলবিলাকে  শিশু এটাৰ মনোযোগ দিয়া ক্ষমতা আৰু কথা এটা ভালদৰে শিকাৰ যি সামৰ্থ্য, তাক ক্ৰমান্বয়ে দূৰ্বল কৰি দিয়ে।

অত্যাধিক ম’বাইল বা ডিজিটেল ডিভাইচৰ ব্যৱহাৰে, শিশু এটা অন্যলোকৰ সৈতে মুখামুখীকৈ কথা পতাৰ যি দক্ষতা, আনৰ প্ৰতি দেখাবলগীয়া সহানুভূতি, আবেগ আৰু বয়স অনুযায়ী হ’ব লগা বুদ্ধিমত্তাত ইয়াৰ প্ৰভাৱ পৰে। শিশু এটাই বয়স অনুযায়ী যিবিলাক নন-ভাৰ্বেল বা আকাৰ-ইংগিতে দেখুৱা সংকেত, সেইবিলাক অত্যাধিক ম’বাইল বা ডিজিটেল ডিভাইচৰ ব্যৱহাৰৰ কাৰণে সময়মতে বুজি নুঠিব পাৰে আৰু পিছৰ বয়সত গৈ শিশু এটাই নিজকে সমাজৰ পৰা বিছিন্ন অকলশৰীয়া অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত হতাশগ্ৰস্থতা, উদ্বেগ আৰু একাকীত্ৱৰ দৰে মানসিক সমস্যাবিলাকৰ সন্মুখীন হ’ব লগা হয়। আৰু লাহে লাহে ই আসক্তিলৈ ৰূপান্তৰ হয় আৰু পঢ়া শুনাত যি সময় দিব লগা আছিল, সেইসময়খিনি ম’বাইল, ইণ্টাৰনেট, গেমিং, ইউটিউব, ৰীলচ, ফেচবুকত দিয়াৰ বাবে পঢ়া-শুনাৰ দৰে কথাবিলাক লাহে লাহে তাৰ বাবে গৌণ  হৈ পৰে।

গতিকে, ইণ্টাৰনেট আৰু ম’বাইল ফোনে যেনেদৰে আমাক সমগ্ৰ পৃথিবীখনক হাতৰ মুঠিতে পোৱাটো সহজ কৰি তুলিছে। ঠিক, একেদৰে আমাৰ শিশুসকল আৰু উঠি অহা প্ৰজন্মক এক জটিল সন্ধিক্ষণলৈ লৈ গৈছে। গতিকে, আমাৰ অভিভাৱকসকল সজাগ হ’ব হ’ল। নিজৰ লগতে শিশুৰ ক্ষেত্ৰত ম’বাইল বা ডিজিটেল ডিভাইচৰ ব্যৱহাৰক নিয়ন্ত্ৰণ কৰাটো অতিশয় প্ৰয়োজন হৈ পৰিছে। 

ইণ্টাৰনেট, ম’বাইল আৰু অন্যান্য ডিজিটেল ডিভাইচসমূহক আপুনি সম্পদ হিচাপে ব্যৱহাৰ কৰে নে আপদ হিচাপে ব্যৱহাৰ কৰে। তাৰ সিদ্ধান্ত আপুনি আজিয়েই লওক। 

Ep-1 Digital Gyan_Digital Know How.mp3 ইণ্টাৰনেট কি, কিয় আমাৰ বাবে ইণ্টাৰনেট, কেনেদৰে আমি ইণ্টাৰনেটৰ যোগেদি এই ডিজিটেল পৃথিবীখনত সুৰক্ষিতভাৱে থাকিব পাৰো, কেনেদৰে আমি নিজকে ডিজিটেল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰো। তাকলৈ ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ এক নতুন শৃংখলা, ডিজিটেল জ্ঞান।